Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
প্ৰিয়তম


গোলাপ ফুলৰ বেণুৰে বোলোৱা
দুখনি তোমাৰ গাল,
নীলাকাশ যেন নিৰ্ম্মল দুচকু
মোৰ লাগে বৰ ভাল।


শিৰীষ পাত সৰি পৰি গল
আহতৰ ওলাল কুঁহি,
দুখ-ৰং মোৰ একো নাই তাত
তোমাৰ অনন্ত হাঁহি।


ধৰমৰ পতাকা লই ফুৰাবোৰে
লভক যি কৰে আশ,
তোমাৰ অৰুণ চৰণ তলত
মোক দিয়া মাথোঁ বাস।


নই বই যায় কুলু কুলু গাই
অনন্ত জলধিমুখে,
পাৰতে বহি মোক তোমাৰ ৰাগিণী
গাব দিয়া মহাসুখে।


অনেক কৰিছোঁ অনেক লভিছোঁ
হৰিষ-বিষাদ নাই,
হিচাপ-কিতাপ নেৰাখোঁ হাতত
দিয়া কাষৰত ঠাই।