Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
তৰা

অনন্ত আকাশে বহি কোন তোমালোক
কি কাৰণে ধ্যানমগ্ন, কিবা দুখ-শোক?
কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ?
সামান্য মানুহ মই নাই পোৱা ওৰ।

পাপ-তাপ, দুখ-ক্লেশ, দেখি পৃথিৱীৰ,
হৃদয় ব্যথিত জানো, পৰে আখি নীৰ?
শঠতা-বিদ্বেষ হিংসা-বিষে জৰ্জৰিত
আমাৰ অন্তৰ দেখি বিদাৰিছে চিত?

টিপ টিপ চকুলো নিয়ৰৰ কণা
পেলোৱা শোকত কিবা? একো নাই
অথবা আকাশী ফুল স্বৰ্গ-উপবনে
ফুলি আছা নুশুকাই সদানন্দ মনে।

সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম-হাঁহি, শোক-তাপ নাই।
নতুবা অপূৰ্ব্ব মণি মুকুতা উশ্বল,
বিশ্বপতি বিশ্বগৃহে কৰে জলমল?

অথবা অযুত কোটী চকু বিধাতাৰ
চতুৰ্দ্দিশ অধ: ঊৰ্দ্ধ ব্যপ্ত চৰাচৰ।
পাপ-পুণ্য সুকৃতি-দুষ্কৃতি নিৰন্তৰ
দেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ।

নাজানো একোকে মই নি:কিন মানৱ,
জ্ঞান দিয়া অধমক দেৱ আদিদেৱ !