Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
পদুম পাতৰ পানী

প্ৰথম আধ্যা
পদুমৰ পাততে মুকুতা গুটিদেক
তিৰবিৰ কৰিছে জ্বলি;
কাৰেনো মুকুতা, কোনে কৈ দিব
কোনেনো এৰি থৈ গলি?
দেৱৰে জীয়ৰী, ৰূপৰে পোহাৰী
আহি ধুইছিল গা;
ডিঙিৰ মালাধাৰি সোলোকাই স্নানিলে
পাহৰি পেলাই গল বা?

দ্বিতীয়া আধ্যা
মলিয়ন হাতেৰে নুছুবি মণিবোৰ,
মাটিৰ মানুহ যে তই!
দেওকন্যাটিয়ে সুঁৱৰি নিবহি,
বহ ৰখি থাকোঁ মই।
তুলা যেন কোমল ঐ! দেৱৰে জীয়ৰী,
ধল যেন ডিঙিটি বগা,
মুকুতা মালাৰে মণিধাৰি নাই
আপচু হৈ আছে কিবা !!

তৃতীয় আধ্যা
সোণৰ জখলাৰে নামি আহাঁ আইটী!
পিন্ধি সাজে হালধীয়া,
পদুম আঁহেৰে সি মণিকেইটি
উলটি স্বৰ্গলৈ যোৱা।
ঢুল্‌ঢু‌ল্‌ চকুৰে মণি শোকে কৰে –
শুকুলা ডিঙিটি কত?
নামি আহাঁ আইটী! বুটলি লোৱাহি
দীপ্‌লিপ্‌ মণিটিহঁত।

চতুৰ্থ আধ্যা
কিনো মোৰ কপাল ঐ! কাতি হল পাতটি,
মণি গল পানীতে মিলি,
ইমান চেনেহিলোঁ, ইমানকৈ ৰাখিলোঁ,
হায়! মণি কলৈনো গলি?