Poetry
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসম সঙ্গীত
অৱশেষ
বাঁহী
বাঁহী ৩
বসন্ত
ভ্ৰম
বিহুৱান
বীণবৰাগী
বিশৃংখল
বৰ আৰু সৰু
চিৰযৌৱন
চুমা
ধূলি
জাৰ
কবিতা
কৰ্ম্ম
মাতৃশ্ৰাদ্ধ
মালতী
মোৰ দেশ
মৰ্ম্মবাণী
প্ৰেম
প্ৰিয়তম
প্ৰিয়তমা
শান্তি
তৰা
গীত
ঈশ্বৰ আৰু ভকত
পদুম পাতৰ পানী
ৰেণুকা
মইনা
তোমাকহে ভাল পাওঁ মৰমৰ সখী
প্ৰবসুৱাৰ চিঠি
প্ৰিয়তমাৰ সৌন্দৰ্য্য
চন্দ্ৰ (গীত)
কুলি (গীত)
ধোঁৱাখোৱা (গীত)
ক’লা-ব’গা (গীত)
আমাৰ জন্মভূমি (গীত)
ছয় ঋতুৰ ডাক (গীত)
বৃন্দা চন্দ্ৰাৱলী সংবাদ
ডাকৰ টোপোলা (গীত)
সত্য কোৱাঁ (গীত)
চন্দ্ৰা ৰাধাৰ দন্দ (গীত)
সখী কোনেনো বজায়? (গীত)
চালনী আৰু বেজী
ৰেণুকা

পৰিছা যি অৱস্থাত তাতে হোৱা সুখী,
চেষ্টা কৰি ভাল হোৱাঁ ৰং কৰা সখি।

*

প্ৰেমত ঘূৰিছে ভূমণ্ডল
প্ৰেমত ফুলিছে শতদল।

*

ওখ কৰা আশা
নিৰাশা কৰ্ম্মনাশা।

*

অলপ সুখৰ পৰিমাণ
নকৰিবা তাক আৰু তাকৰ,
কৃতকাৰ্য্য গুৰিতে নেদেখি
নহবাহে মিছাতে কাতৰ।

*

চকুক চাবলৈ দিয়া, সুন্দৰে যি পাৰে
অনুভৱ হিয়াত হক যতমান ধৰে।

*

ক্ষমা কৰাঁ, ক্ষমা পাবা তুমি
ভাল কৰাঁ হবাঁ উৰ্দ্ধগামী।

*

মৰম কৰিছে কোনে কয়?
সঁচা যি অটল সদায় ৰয়।

*

জীৱন্টো যদিও দুদিনীয়া,
প্ৰেম কিন্তু ঠিক যুগমীয়া।

*

শেষফলহে লক্ষ্যৰ সমল
বিচাৰে টানৰো পায় তল।

*

দুখৰ ৰাতি যিমানেই দীঘল
অন্ত তাৰো আছে,
সুখৰ ঊষাৰ কিৰণ চোৱাঁ
পূব ফালে বিৰিঙাছে।

*

মানুহৰ স্বভাৱ যিমানেই গোকাট
তথাপি সৰহ ভাল,
ইলিহি মাছত যিমানেই কাঁইট
সৰহ ভাগ তেলাল।

*

সকলোৰে ভাল হওক সংসাৰত
দুৰ্মতি সুমতি হওক,
সকলো সুখত থাকক, মোৰ ইচ্ছা
সকলো দীৰ্ঘায়ু হওক।

*

আচৰণৰ সদা মিললৈ চকুতকৈ
সত্যৰ লক্ষ্য ভাল,
সত্যৰ প্ৰতিষ্ঠা সত্যৰ সন্মান
সদাকাল, সদাকাল।

*

মধ্যাহ্ণ সূৰ্য্যৰ দীপিতি পৰক গোটেই জীৱনটোত
পাপ-এন্ধাৰৰ ছাঁ কাষলৈ সমূলি যেন নাহক।

*

পোহৰত ফুলা ফুলৰ সুগন্ধে ভৰক জিৱন মোৰ,
এন্ধাৰৰ কমি কীটৰ দুৰ্গন্ধ হওক দূৰতে দূৰ।

*

পৰত থাপা বিশ্বাস,
বিশ্বাসে আনে বিশ্বাস।

*

সাহতকৈ সহ্য গুণ ভাল,
সুন্দৰতকৈ ধৈৰ্য্য চিৰকাল।

*

নিজৰ দৰব নিজতে নাখাটে,
লোকক দিবলৈ যোৱা?
নিজেই ভিকহু, টেকেলি কাতি
আনকনো কি বিলোৱা!

*

পুৰিলে উজ্জ্বল হয় সোণৰ বৰণ
বিপদত পোৱা যায় বন্ধুৰ চিনন।

*

ভাল ভাগ জীৱনত নিশ্চয় সৰহ
জুখি চোৱাঁ, শেহফল পাবা ওগাইৰহ।

*

সজ কাম, বৰ কাম, অজৰ অমৰ
থাকে যেন চিৰকাল চন্দ্ৰ দিবাকৰ।

*

অশোক অন্তৰে পায় দীঘল জীৱন,
শোক-ভৰা হিয়া শীঘ্ৰে হয় বিনাশন।

*

গোলাপে শুৱায় সুন্দৰ ফুলনি
প্ৰেমে শুৱায় মানুহৰ জীৱনী।
সাৰ মনৰ কম শুনি মাত,
অসাৰৰ ঢোল দিন-ৰাত।

*

আশা মোৰ মন ৰাজ্যৰ ৰজা
নিৰাশাত প্ৰাণ মন ভজা।

*

চুটি জীৱনতো আছে ভদ্ৰতালৈ কাল,
হেন জানি কিয় তুমি নোহোৱানো ভাল?

*

সজ চিন্তা যিহে দিব আনি,
তাৰ তুমি হোৱা অনুগামী।

*

ঘৰ শুৱনি বন্ধুজন
অন্তৰ শুৱনি ধৰ্ম্ম-ধন।

*

জানা তুমি প্ৰথমে নিজক,
তৰ্কলৈ নানিবা ঈশ্বৰক।

*

ভকতি বিশ্বাস মাথোঁ ঈশ্বৰক দিবা
কৰ্ত্তব্য কামৰ ফল চাই নুফুৰিবা।

*

স্ব ইচ্ছাত যি ভব আহিব,
সেই ভাবে শ্ৰেষ্ঠ ঠাই লব

*

ঈশ্বৰৰ দান জানা বন্ধুৰ বন্ধুতা,
আমোলন বস্তু; লোৱা নকৰিবা চিতা।

*

বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেহে যৌৱন
বয়সে নকৰে বুঢ়া, পাপেহে উছন।

*

স্বভাৱৰ সুন্দৰ অমৰ
বিৰোধী বিষত জৰজৰ।

*

গৌৰৱ কিৰীটি থাকে সদায় উজ্জ্বল,
বৃথা গৰ্ব্ব দুদিনীয়া, তাতে ধৰে মল।

*

জান লোৱাঁ কি কৰিব লাগে
কৰাঁ তাক যি থাকে ভাগে।

*

বুঢ়া গাধ তাৰ নাই মান
ল'ৰা জ্ঞানী তাৰেই সন্মান।

*

সজ কাম কৰিবা লুকাই
তথাপি ফাটিব যশ ভাই।

*

উপাধি সম্পদ তুচ্ছ আতি
যদি জ্বলাওঁ সাংসাৰিক বাতি।

*

দয়াহীন জনহে গোবান্ধ
আন জন নহয় সি ষাণ্ড।

*

চোৱাঁ মোৰ জীৱনটো কবিতাৰ আৱল
ী ঘটিকাৰ ঘণ্টা পলে পঢ়ি যায় চলি।

*

জুমুৰি, লেচেৰী, ছবি, দুলৰীৰ সুৰ
কবিতা কদমকলি ৰেণুৰেই পূৰ।

*

ইতিহাস বুৰঞ্জীৰ বগা গোফঁ-ডাঢ়ি
ৱ্হিৰযৌৱনেৰে ভৰা কবিতা-কুঁৱৰী।

*

বলেৰে শাসন জানা নহয় শাসন
ধৰমত নাম তাৰ অন্যায় আচৰণ।

*

দোষ খোচৰাই পায় উটা খেৰৰ জাজি।
গুণ বিচৰালৈ থাকে তালত মুক্তাৰাজি।

*

সুখ নাই – ধনে কি কৰিব?
চকু নাই – বেলি পোহৰিব।

*

ভয়াতুৰ! নকৰিবা পাছভৰি তুমি।
সাহ পাবা যাওঁতেই; মাতে জন্মভূমি।

*

ঈশ্বৰৰ দান এই মানপী জনম,
আজ্ঞা, -তুমি দিনে ৰাতি কৰি থাকা শ্ৰম।

*

সুখ, দুখ, ভাল, বেয়া তোমাৰ হাতত,
আপোন কৰম-ফল, নাই কপালত।

*

কম কাম, কম শ্ৰম, কম ফলালাভ
বেছি শ্ৰম, বেছি ফল, কি লাভ বিলাপ?
ঈশ্বৰত অৰ্পি চিন্তা, দুখ, শোক, তাপ
গোঁজ পুতি নাও বান্ধা, নাথাকে সন্তাপ।

*

নিৰ্ধনীৰো সুখ আছে অমিয়া অতুল,
ধনীয়ে নপায় তাৰ ভু আৰু কুল

*

মুখৰ বন্ধুত্বপূৰ্ণ গোটেই পৃথিৱী
ঠিক বন্ধু জীৱনত দুটা এটা পাৰি।

*

নপৰিবা পাছ হেৰা আগুৱাই যোৱাঁ
সকলো বাঢ়িছে আগ, পাছ এলেহুৱা।
মৰণ পৰ্য্যন্ত কাম, নাহিকে এৰণ
মানপী জন্মৰ জানা কৰ্ত্তব্যসাধাৰণ

*

এটি কথা আমোলন, অন্তৰৰ পৰা
লক্ষ কথা এবকলা, জীৱন্ততে মৰা।

*

জ্ঞান পথ এৰি জ্ঞানী যায় কেতিয়াবা
অন্তৰৰ বাণী, বোপা! সদায় শুনিবা।

*

জয়লক্ষ্মী আজিয়েই আগত তোমাৰ
কালি বুলি বহি থাকি নহবা অসাৰ।

*

বলী কৰা হৃদয়ক হে মৰতবাসী
দুখত জ্বলক তেজ, শোকত যে হাঁহি
অন্ধকাৰ ডাৱৰত বিজুলী চমকে
এন্ধাৰ নিশাত জানা তৰা চিক্‌মিকে।

*

পুৰোৱাঁ প্ৰেমেৰে হেৰা হৃদয় তোমাৰ,
মানুহক, ঈশ্বৰক দিয়া উপহাৰ।

*

সুফল নাপাবা বুলি নিৰাশ নহ'বা
আহিব এদিন সি নিশ্চয় জানিবা।

*

কৰ্ম্মফল আশা লই নকৰিবা মন
ঈশ্বৰক সমৰ্পিবা ফল আৰু বন।
কাম কৰিবৰ তোমাৰ অধিকাৰ আছে,
ফলদান ঈশ্বৰেহে হাতত ৰাখিছে।

*

যি প্ৰেমৰ লৰচৰ, সি প্ৰেম নহয়,
যি ভক্তিত ভাজ আছে, ভক্তি কোনে কয়?

*

ধন নাই? হানি নাই তাত
আনন্দৰ উ…ৎস যে হিয়াত

*

সকলোকে প্ৰেম দিয়া, অল্পক বিশ্বাস
সপোনতো নিচিন্তিবা কাৰো সৰ্ব্বনাশ।

*

ভাল হোধা নামত নহয়
সুখ পোৱা দিঠকতহে ৰয়।

*

লাহে লাহে বন্ধু বাছি লবা,
তাতোকৈ লাহেহে সলাবা।

*

সজ নাম সজ হৈ লবা
মিছা নাম নিটিকে জানিবা।

*

ঈশ্বৰৰ গোটেই আশিস –
দীৰ্ঘ প্ৰাণ, স্বাস্থ্য অহৰ্নিশ

*

বাট হওক কুসুম-কোমল,
হাঁহি হওক প্ৰেমৰ সমল।
আনন্দ লোতক চকু ভৰা
আশীৰ্ব্বাদ এই মোৰ পৰা।

*

নিজৰ দুখৰ বোজা নিজে তুমি ববা
লোকৰপিঠিত তাক কদাপী নিদিবা।

*

ধীৰ হবা বিচাৰ কামত
হুৰামুৰা বিচাৰ নামত।

*

সুনিপুন কাৰ্য্যপটুজনে
কাৰ্য্য কৰা কি কাম সপোনে?

*

পুণ্য কাম সঁচাসচি সুখ,
সুচৰিত্ৰে পোহৰায় মুখ।

*

সাহী হিয়া খন্তেকলৈ ভাগে
কিন্তু তেজ দিনে ৰাতি জাগে।

*

প্ৰকৃত বন্ধুতা ঠিক পবিত্ৰ বান্ধোন
অসময় বিপদত বাঢ়ে তাৰ গুণ।

*

সজ চিন্তা কৰাঁ
সুকাম জন্মিব তাৰ পৰা।

*

যথাসাধ্য সজ কাম যতনে কৰিবা,
নফলিল অতিকৈ, - নিৰাশ নহবা।

*

গোটেই নিখুত কাম তোমাৰ
কদাপি নহয়,
সোণৰ খাৰু অত-তত
পোটোকা পৰি ৰয়।

*

বাটৰ দুবৰি বন গছকত পৰা
তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা।

*

বয়সৰ শক্তি নাই আশা বিনাশিব
ঈশ্বৰৰ অংশ আশা অমৃতত মিলিব।

*

ঊষাৰ পোহৰ, বসন্ত মলয়া,
নিয়ৰে তিৱোৱা যূই
শতেক বছৰ সম্ভোগ হওক
আশীৰ্ব্বাদ দিওঁ মই॥