FOLK
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
সৰবজান

কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন-পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাঘমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শোৱাৰপৰা উঠি ঘৈণীয়েকক ক'লে,-"আজি ডাৱৰীয়া বতৰ ; মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলিছোঁ।" গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে,-" পিঠালৈ বৰাধান ক'তা? বৰাধানতো আমাৰ ভঁৰালত নাই।" গিৰিয়েকে ক'লে,-"তেন্তে কি হ'ব ? পিঠা খোৱা নহ'ল দেখিছোঁ।" ঘৈণীয়েকে উত্তৰ দিলে,-যোৱাচোন কাৰ ঘৰত বৰাধান মাৰিছে চোৱাগৈ।এগাল খুজিয়েই নহয় লৈ আহাগৈ।" ঘৈণীয়েকৰ কথা শুনি, গিৰিয়েকে অলপ পৰ তভক মাৰি ভাবি থাকি এটা বুধি সাজি ,গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ'ল।

ফৰিঙে ওচৰ-চুবুৰীয়া এঘৰত বৰাধানৰ মৰণা এটা দেখি,মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সতে শাক-খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰিয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই কুকুৱা বৰাধান, তাতে এৰিয়া কাপোৰ, ধানে কাপোৰখন তেনেই সি সি ধৰিলে। ধানৰ ওপৰত ভালকৈ তিনি-চাৰি বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকৈ ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোনমান ধান পালে। ঘৈণীয়েকে বৰাধান দোন দেখি ৰং পাই সিজাই ৰ'দত শুকাই-উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অঁতাই, পিঠাৰ খোলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে বাৰবুৰি পিঠা ভাজি ডলা এখনত থৈ অঁতাই ,অন্তত সৰহখিনি পিঠা নিজে খাই , মাথোন খনচেৰেক পিঠা বাটি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই ক'লে,-" পিঠা ভজা হ'ল। কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো, কালিলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰত যেয়ে শোৱাপাটিৰ পৰা আগেয়ে উঠিব, সেয়ে তিনিভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি, দুভাগ খবলৈ পাব।" ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল।

পিছদিনা পুৱা শোৱাপাটিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই পকিব লগা হ'ল, তথাপি দুয়োটাৰে কোনো নুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘোৰ্ঘোৰাই শুই আছে শেষত ফৰিঙে দেখিলে যে, এইদৰে সি হাল-কোৰ, বন-বাৰি পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকে পিঠা দুভাগ খাওক, সি এভাগকে খাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে,-"তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ।" গিৰিয়েকে উত্তৰ দিলে,-" বাৰু তয়ে খাবি দুভাগ।"

ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে, পিঠা খনচেৰেক হে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে,-" আৰু পিঠা ক'তা ?" ঘৈণীয়েকে উত্তৰ দিলে আৰু ক'ৰ পৰা পিঠা ওলাব। যি হৈছিল এটাইবোৰ এই বাটিতে আছে। তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা।" গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা, এদোন ধানৰ মুঠেই এই কেইখন পিঠাহে হ'ল। বেৰত আঁৰি থোৱা ডলাখনলৈ এনেতে হঠাত তাৰ চকু গ'লত সি দেখিলে যে তাত পিঠাৰ সাঁচ বান্ধি আছে। সি সেই সাঁচবোৰ লেখি তিনিকুৰি পালে। কিন্তু ঘৈণীয়েকক সি একোকে নকৈ ওলাই আহি বাহিৰত বহিছিল, এনেতে ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিওঁতেই, সি তামোল এখন হাতত লৈ, ফঁকৰা মাতিলে,
"নঙলাতে মঙল, এছাৰিতে দেও।
তিনিকুৰি পিঠা খালে নাজানিলে কেও।"

গিৰিয়েকৰ ফঁকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজত আগৰপৰা উঠি আহি কাষত কলহলৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকী তিৰোতা মানুহ দেখি তাই সিঁহতক সেই কথাটো ভাঙি ক'লে যে তাইৰ গিৰিয়েক সৰবজান। তিৰোতা মানুহৰ কথা, ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ'ল, আৰু সকলো গঞা মানুহে ফৰিঙক সৰবজান বুলি জানিলে।

ইতিমধ্যে এটা মানুহৰ ক'লা গৰু এজনী হেৰাইছিল। গৰুৰ গৰাকীয়ে পাঁচদিন সেই গৰুজনী বিছাৰি নাপাই শেষত ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পাই গৰুৰ কিবা ভূ ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই ক'লী গাইজনী চৰি থকা দেখি আহিছিল। সেইদেখি ফৰিঙে তাক ক'লে,-"বাৰীৰ পিছফালে এইপিনেই বিচাৰি গ'লে তুমি তোমাৰ গাইজনী পাবা।" মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে ডহডহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত এক লাখটকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰ ডাল উলিযাব নোৱাৰিলে। সেইদেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতিলে। এই কথা টেকেলাই ফৰিঙক ক'লত ফৰিং থিয়ৈ মুচকচ যোৱা যেন হ'ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব, আৰু সি সৰবজান নহয় বুলি ক'লেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপা‍ই, যি কপালত থাকে হ'ব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হ'লগৈ। ৰজাই সৰবজানক অহা দেখি আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ যাবলৈ ক'লত ফৰিঙক ৰজাৰ ঘৰলৈ লৈ গৈ দৈ গাখীৰ , কোমল চাউল গুৰেৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ'ল।

ৰজাৰ দুজনী কুঁৱৰী ; এজনীৰ নাম মাদৈ , এজনীৰ নাম হাদৈ। হাদৈয়েই ৰজাৰ সোণৰ হাৰডাল চুৰ কৰি লুকাই থৈছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি হাদৈৰ মুখত পানী নাই। সেইদেখি সৰবজানে জলপান খোৱা ঘৰৰ ওচৰতে হাদৈয়ে ঠিয় দি বেৰৰ জলঙাইদি জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰ মুখতো পানী নাই। সি দৈ গাখীৰেৰে জলপান বাটি দেখি আপোনা- আপুনি ক'লে,-"হা দৈ আজিয়েই খাই ল', কাইলৈ ৰজাই কি কৰে চিন নাই।" সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে সৰ্বনাশ। মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানৰ হাতত ধৰি ক'লে,-" সৰবজান, মোৰ কথা তুমি নক'বা, তোমাক যি লাগে মইহ তাকে দিম।" সৰবজানে তেতিয়া বুজিবলৈ বাকী নাথকিল যে হাদৈ নামৰ এই ৰাণীজনীয়েই চোৰ। সি গহীন কৈ মাত লগালে,-"আইচু, আপোনাৰ কথা বাৰু নকওঁ, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনিপেৰাত থৈ দিয়ক গৈ।" সৰবজানৰ কথা মতেই কুৱৰীয়ে হাৰ ডাল নি তেতিয়াই ৰজাৰ হাতনিপেৰাত থৈ দিলে।

পিছদিনা ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি হাৰ কোনে চুৰ কৰি নিছে ক'ব লাগে বুলি সোধাত সৰবজানে ওলগ লৈ ক'লে,-" স্বৰ্গদেউ! বন্দীয়ে কোনেও হাৰ চুৰ কৰা নাপাওঁ। স্বৰ্গদেউৰ হাতনিপেৰাতে হাৰ থকা মোৰ ভাৱ হয়।" তেতিয়াই ৰজাই হাতনিপেৰা অনাই মেলি চালে। দেখিলে সঁচা, হাৰ তাতে আছে। কথাটো দেখি সকলো আচৰিত হ'ল। ৰজাই সৰবজানক মাটি-বাৰী, ধন-বস্তু, বটা দি মান ধৰি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে।

এদিন ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমাই মুঠিমাৰি ধৰি সৰবজানক-"মোৰ হাতৰ মুঠিত কি আছে কোৱা ?"-বুলি সুধিলত তাৰ তালু ফুটি জীৱ গ'ল যেন পাই, বেজাৰতে ক'লে, "এক ক'লো লেখি, এক ক'লো দেখি, হা দৈ বোলোতে ওলাল হাৰডাল,এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল"

ৰজাই সৰবজানৰ নামটো জনা নাছিল। সেইদেখি," ফৰিঙৰ মৰণৰ কাল" শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি বুজি সন্তোষ পাই মুঠিৰ ফৰিঙটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ-কাপোৰ সোলোকাই দি বটা পিন্ধালে।

এদিন ৰজাই হাতৰ মুঠিত শেলুক এটা লৈ সৰবজানক-"মোৰ হাতৰ মুঠিত কি আছে?"-বুলি সুধিলত সৰবজানে থত-মত খাই ক'লে,-"স্বৰ্গদেউ, বাৰেপতি শোলকো" ৰজাই শুনিলে, "বুৰেপতি শেলুক।" তেওঁৰ হাতৰ শেলুকৰ কথাহে সৰবজানে কৈছে বুলি সৰবজানক ৰজাই বহুত ধন-সোণ দিলে।
আমাৰ কাপোৰ-কানি ক'লা হ'ল, আমি ঘৰলৈ উভতি আহিলো।